Sunday 18 July 2021

পৃথিৱীৰ অভ্যন্তৰ ভাগ || Chapter 2 || Class 7 Social Science || Textual Questions & Answers in Assamese Medium || SCERT

পৃথিৱীৰ অভ্যন্তৰ ভাগ || Chapter 2 || Class 7 Social Science || Textual Questions & Answers in Assamese Medium || SCERT

Class 7 Social Science in Assamese Medium

পৃথিৱীৰ অভ্যন্তৰ ভাগ

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 2
অধ্যায়ঃ 2

১| শুদ্ধ উত্তৰটো বাছি উলিওৱা-
ক। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।
উত্তৰ:-
৩টা।

খ। ভূত্বক গড়ে প্ৰায় ২০/৩০/২৫ কিল'মিটাৰ ডাঠ।
উত্তৰ:-
২০ কিল'মিটাৰ।

গ। পৃথিৱী গৰ্ভ মানে হ'ল-ভূত্বক/গুৰুমন্ডল/কেন্দ্ৰমণ্ডল।
উত্তৰ:-
কেন্দ্ৰমণ্ডল।

ঘ। জীৱাশ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/
ৰূপান্তৰিত শিলত পোৱা যায়।
উত্তৰ:-
গেদীয় শিল।

ঙ। আটাইতকৈ টান‌ মণিকবিধ হ'ল সোণ/হীৰা/দস্তা।
উত্তৰ:-
হীৰা।

২। খালী ঠাই পূৰ কৰা-
ক। ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে__বাঢ়ি গৈ থাকে।
উত্তৰ:-
উত্তাপ।

খ।ভূত্বক স্তৰক____বুলিও জনা যায়।
উত্তৰ:-
ছিয়াল।

গ। মাটি__ আৰু___পদাৰ্থৰে গঠিত।
উত্তৰ:-
জৈৱিক আৰু অজৈৱিক।

ঘ। মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ____
শিল বোলে।
উত্তৰ:-
আগ্নেয়।

ঙ। মণিকবোৰ সাধাৰণতে____পদাৰ্থ।
উত্তৰ:-
কঠিন।

৩। চমু উত্তৰ লিখা-
ক। ভূত্বক মানে কি বুজা?
উত্তৰ:-
সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ আবাসস্থলী হ'ল ভূত্বক।

খ। আগ্নেয়শিল কাক বোলে?
উত্তৰ:-
প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি কৰে, তাকে আগ্নেয় শিল বোলে।

গ। মাটি বুলিলে কি বুজা?
উত্তৰ:-
শীত,তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে, তাক মাটি বোলে।

ঘ। মণিক কি?
উত্তৰ:-
পৃথিৱীৰ খোলাত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা, কঠিন পদাৰ্থসমূহেই হ'ল মণিক।

ঙ। হিউমাছ কাক বোলে?
উত্তৰ:-
মাটিত মিহলি হৈ থকা গছ-গছনিৰ ডাল, পাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ-জন্তু,কীট পতংগৰ মৃতদেহ,বৃষ্ঠা আদি ৰদত শুকাই, পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি হয়।

৪। উত্তৰ লিখা-
ক। পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি?চিত্ৰ আঁকি বুজাই লিখা।
উত্তৰ:-
পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ তিনিটা ভাগত ভগোৱা হৈছে-
১।ভূত্বক,
২।গুৰুমন্ডল আৰু
৩। কেন্দ্ৰীমন্ডল।
    চিত্ৰ নং ২.১ চোৱা।

খ। শিল কেই প্ৰকাৰৰ আৰু কি কি বুজাই লিখা।
উত্তৰ:-
শিল তিনি প্ৰকাৰৰ:-
১। আগ্নেয় শিল- আগ্নেয়গিৰী উদ্গীৰণৰ ফলত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বোলে।
২। গেদীয় শিল- গেদীয় শিলৰ উদাহৰণ হ'ল-কয়লা, চূণশিল আৰু কংলোমাৰেট।
৩। ৰূপান্তৰিত শিল- আগ্নেয় আৰু গেদীয় শিল বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়।এনে শিলক ৰূপান্তৰিত শিল বোলে।

গ। শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ:-
শিলৰ পৰা মাটিৰ সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত শীত,তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূৰ্ণ-বিচূৰ্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে।
এইদৰে মাটিৰ সৃষ্টি হয়। তাৰোপৰি শিলবোৰ সাধাৰণতে কঠিন আনহাতে মাটি কঠিন বা কোমল হ'ব পাৰে।

ঘ। “মাটিৰ অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে”- কথাষাৰ বুজাই লিখা।
উত্তৰ:-
মাটিৰ লগত জীৱজগতৰ এক ওত-প্ৰোত সম্পৰ্ক আছে।সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ আবাসস্থলী হ'ল মাটি। আমাৰ জীৱন যাত্ৰা, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্ৰতিষ্ঠান,যাতায়ত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰত নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পৰ্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জীৱমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে। তেনেকৈ মৰু প্ৰধান আৰু শীত প্ৰধান অঞ্চলতো কম বেছি পৰিমাণে জীৱজগত বিদ্যমান।

Contributed by: Sagar Chetry

No comments:

Post a Comment