Friday 25 June 2021

অসমৰ নদ-নদী || Chapter 7 || Class 8 Social Science || Assamese Medium

অসমৰ নদ-নদী, CLASS 8 SOCIAL SCIENCE,CHAPTER 7

Class 8 Social Science in Assamese Medium

অসমৰ নদ-নদী

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 7
অধ্যায়ঃ 7

১। চমু উত্তৰ দিয়া-
ক। ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰ:-
চেমা-য়ুং-দুং হিমবাহ।

খ। ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ:-
২,৯০৬ কিলোমিটাৰ।

গ। ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?
উত্তৰ:-
তিব্বত।

ঘ।উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?

উত্তৰ:- ইংৰাজী V আকৃতিৰ দৰে হয়।
 
ঙ। ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?
উত্তৰ:-
তিব্বত,চীন, ভাৰত আৰু বাংলাদেশ।

২। শুদ্ধ উত্তৰটো লিখা-
ক। গিৰিখাত নিম্নভূমি/ মোহনা/ উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।
উত্তৰ:-
উচ্চভূমি।

খ। নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত/ সমভূমি/ মালভূমিত দেখা যায়।
উত্তৰ:-
সমভূমি।

গ। প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/পৰিবহণ/অৱক্ষেপণৰ ফলত সৃষ্টি হয়।
উত্তৰ:-
অৱক্ষেপন।

ঘ। বৰাক নৈ অসমৰ ২/৩/৪খন জিলাৰ মাজেৰে বৈ গৈছে।
উত্তৰ:-
৩ খন।

৩। সোঁফালৰ লগত বাওঁফাল মিলোৱা-
ক। চাংপো                 ক। একা বেঁকা গতি পথ
খ।অৰুণাচল প্ৰদেশ    খ।মাজুলী
গ।সৰ্পিল                    গ। চিয়াং
ঘ।কলং                      ঘ।তিব্বত
ঙ।নদীদ্বীপ                ঙ।সুঁতি

উত্তৰ:- ক আৰু ঘ।
       খ আৰু গ।
       গ আৰু ক।
       ঘ আৰু ঙ।
       ঙ আৰু খ।
       
৪। চমু টোকা লিখা-
ক। নৈৰ উচ্চগতি অংশৰ কাৰ্য।
উত্তৰ:-
নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আহোঁতে নদীৰ গতীবেগ বেছি হয় আৰু নদীৰ তলীখনত বেছি হয়।এই অংশত নদীয়ে শিল,বালি আৰু মাটি কঢ়িয়াই আনে।

খ। নৈৰ মধ্য গতিঅংশৰ খনন কাৰ্য
উত্তৰ:-
কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদীৰ গতি ধীৰ ।এই অংশৰ নদীৰ গেত  পৰিবহন ক্ষমতা কম হয়।ফলত পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অনা শিল,বালি,মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে। নদীৰ খনন ক্ষমতা কম হয়।

গ। নৈৰ নিম্নগতি অংশৰ কাৰ্য
উত্তৰ:-
নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতিত নদীৰ গতি অতি ধীৰ হয় নদীখনৰ শাখা প্ৰশাখা বেছি হয়। নদীয়ে লৈ যোৱা সোঁতত লৈ যোৱা বালি,মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপন কৰে। ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰকব দ্বীপ বোলে।

ঘ।বৰাক নৈৰ গতিপথ
উত্তৰ:-
বৰাক নৈখন মণিপুৰৰ মৰাম অঞ্চলৰ পৰা উৎপত্তি হৈ অসমত প্ৰৱেশ কৰি বাংলাদেশ হৈ বংগোপসাগৰত পৰিছেগৈ।নৈখন অসম আৰু মণিপুৰত অতি সৰ্পিল গতিপথেৰে গতি কৰিছে। কাছাৰ অংশত নৈখনৰ দূয়োফালে অসংখ্য জলাহ দেখা যায়।

৫।উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশত বৰ্তমান কি নামেৰে জনা যায়।
উত্তৰ:-
তিব্বত- চেমা-য়ুং-দুং হিমবাহ(উৎপত্তি স্থল)
       তিব্বত- চাংপো
       অৰুণাচল প্ৰদেশ (উত্তৰ অংশ)-চিয়াং
       অৰুণাচল প্ৰদেশ (পাছিঘাট)-দিহিং
       অসম-ব্ৰহ্মপুত্ৰ
       বাংলাদেশ-পদ্মা(গংগা নদীৰ লগত মিলি)        

৬। ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূ-চিত্ৰাৱলীৰ সহায়ত লৈ তলত দিয়া অবয়ৱসমূহ বহুওৱা।
১। অৰুণাচল হিমালয়
২। বৰাইল পৰ্বত
৩। কাৰ্বি মালভূমি
৪। খাছীয়া-জয়ন্তীয়া পাহাৰ
৫।নগা পাহাৰ
৬। মণিপুৰ
৭। মিজোৰাম
৮।গাৰোপাহাৰ
৯। ব্ৰহ্মপুত্ৰ
১০।সোৱনশিৰি
১১।দিবং
১২। লোহিত
১৩।পাগলদিয়া
১৪। মানাহ
১৫। দিখৌ
১৬। ধনশিৰি
১৭। বৰাক
১৮।জাতিংগা উপনৈ
১৯।ধলেশ্বৰী
২০।সোণাই
উত্তৰ:- চিত্ৰ ৭.২ চোৱা।

৭।নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা।
উত্তৰ:-
নৈ বা উপনৈৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ়ি উঠে। নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পুৰাববলৈ ব্যৱহাৰ কৰে। যেনে- খাদ্যৰ বাবে, খোৱা ধোৱা,কৃষি কাৰ্য বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয়।বাৰিষাকালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা প্লাৱভূমিসমূহ কৃষিকাৰ্যৰ লগত উপযোগী। খৰালি পানী কম হ'লেও নদ নদ-নদীৰ কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি।

৮। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজনবোধে শিক্ষক আৰু ভূ-চিত্ৰাৱলীৰ সহায় ল'বা।
উত্তৰ:-
বুঢ়ীদিহিং,দিখৌ,ভোগদি,জাজী, ধনশিৰি,কলং, কপিলী, যমুনা আৰু ভৰলু।

Contributed by: Sagar Chetry

No comments:

Post a Comment