Sunday 20 September 2020

জীৱৰ শ্বাস প্ৰশ্বাস || Class 7 || SCIENCE || Lesson 10 || SCERT || In Assamese Medium

জীৱৰ শ্বাস প্ৰশ্বাস

১। দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয়?
উত্তৰ:- কাৰণ দৌৰাৰ সময়ত খেলুৱৈ এজনক বেছি শক্তিৰ প্ৰয়োজন হয় ।সেই শক্তি উৎপন্ন কৰিবৰ বাবে যথেষ্ঠ পৰিমানৰ অক্সিজেনৰ আৱশ্যক হয় ।

২।বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা।
উত্তৰ:- ১।বায়বীয় শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় কিন্তু অবায়বীয় শ্বসন অক্সিজেনৰ    অনুউপস্থিতিত সংঘটিত হয় ।
২।বায়বীয় শ্বসন লেহেমীয়া প্ৰক্ৰিয়া কিন্তু অবায়বীয়
শ্বসন ক্ষৰতমীয়া প্ৰক্ৰিয়া ।

৩। যেতিয়া আমি উশাহত অতি বেছি ধূলিকণা যুক্ত বায়ু গ্ৰহণ কৰো , তেতিয়া আমি কিয় সঘনাই হাচিয়াও?
উত্তৰ:-উশাহত গ্ৰহণ কৰা বায়ুত থকা ধুলিকণাবোৰে যেতিয়া নাস্ৰকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায় ফলস্বৰূপে হাঁচি আহে ।

৪। তিনিটা পৰীক্ষানলী লোৱা । প্ৰত্যেকটোৰ ৩/৪অংশ পানীৰে ভৰাই লোৱা। ক,খ, আৰু গ, নামেৰে লেবেল লগাই লোৱা । ক, পৰীক্ষানলীত এটা শামুক লোৱা ,খ, পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু গ, পৰীক্ষানলীত উদ্ভিদ , শামুক দুয়োটাকে ভৰাই লোৱা।কোনটো পৰীক্ষানলীত কাৰ্বনডাই অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব ?
উত্তৰ:- ক পৰীক্ষানলীত‌ কাৰ্বনডাই-অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি ।

৫। সঠিক উত্তৰত চিন দিয়া।
ক। পইতাচোৰাৰ শৰীৰলৈ _____ৰ যোগেদি বায়ু সোমাই আহে।
১। হাওঁফাওঁ।
২। ফুল
৩। বায়ু ছিদ্ৰ।
৪। ছাল।
উত্তৰ:- বায়ু ছিদ্ৰ ।

খ। গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা ___ৰ বাবে সিৰামূৰি ধৰে।
১। কাৰ্বন- ডাই অক্সাইড
২। লেকটিক এছিড।
৩। এলক'হল।
৪। পানী।
উত্তৰ:- লেকটিক এছিড ।

গ। এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি
১। ৯-১২।
২।১৫-১৮।
৩। ২১-২৪।
৪। ৩০-৩৩।
উত্তৰ:- ১৫-১৮ ।

ঘ। নিশাহৰ সময়ত কামিহাড়বোৰ__
১। বাহিৰলৈ গতি কৰে।
২। তললৈ গতি কৰে।
৩। ওপৰলৈ গতি কৰে।
৪। কোনো ধৰণৰ লৰচৰ নকৰে।
উত্তৰ:- তললৈ গতি কৰে ।

৬। স্তম্ভ ১ৰ লগত স্তম্ভ ২ মিলোৱা ।
       স্তম্ভ১।                              স্তম্ভ২
    ক। ইষ্ট।                    ১। কেঁচু
    খ। মধ্যচ্ছদা             ২। ফুল
    গ। ছাল।                  ৩।এলক'হল
    ঘ। পাত                   ৪। বক্ষ গহ্বৰ
    ঙ। মাছ।                  ৫। পত্ৰৰন্ধ্ৰ
    চ। ভেকুলী               ৬। হাওঁফাওঁ আৰু ছাল
                                   ৭।শ্বাসনলী
উত্তৰ:-   ক আৰু ৩।
              খ আৰু ৪।
              গ আৰু ১।
              ঘ আৰু ৫।
              ঙ আৰু ২।
               চ আৰু ৬।

2 comments: