Monday 18 October 2021

উদ্ভিদৰ প্ৰজনন || Class 7 || Chapter 12 || Science || SCERT Textbook Questions & Answers in Assamese Medium

উদ্ভিদৰ প্ৰজনন

Class 7 Science in Assamese Medium

উদ্ভিদৰ প্ৰজনন

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 12
অধ্যায়ঃ ১২

১/ খালী ঠাই পূৰ কৰা-
(ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক ____বোলে ।
(,খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক ____বোলে।
(গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰ পৰা পৰাগ ৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে ____বুলি জনা যায়।
(ঘ) পুং আৰু স্ত্ৰী জনন কোষ মিলনক ____ বোলে।
(ঙ) বীজৰ বিস্তাৰণ _____ ,_____ আৰু_____জৰিয়তে হয়।     

উত্তৰ:- (ক) অংগজ প্ৰজনন।
               (খ) এক লিংগী ফুল।
               (গ) পৰাগযোগ।
               (ঘ) নিষেচন ।
               (ঙ) বতাহ, পানী আৰু প্ৰাণী।
 

২/ অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া।  
উত্তৰ:- অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ হ'ল-  
(ক) অংগজ বংশ বিস্তাৰ- ই এক ধৰণৰ অযৌন প্ৰজনন যত নতুন উদ্ভিদবোৰ শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয়।
(খ) মুকুলন - এককোষী জীৱ ইষ্ট ,হাইড্ৰাইড মুকুলৰ পদ্ধতিৰে বংশ বিস্তাৰ কৰে। ইষ্টকোষটোৰ পৰা  সৰু টেমুনাৰ দৰে ওলাই অহা অংশ বোৰক মুকুল বোলে।
(গ) বিভাজন - সৰ্পিল শেলাই বোৰে এই প্ৰক্ৰিয়াৰ বংশ বিস্তাৰ কৰে। যেতিয়া পানী আৰু পোষক দ্ৰব্য যথেষ্ঠ পৰিমানে পায় তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায়। কোনো এবিধ শেলাই দুই বা ততোধিক টুকুৰালৈ বিভাজন হ'ব পাৰে।
(ঘ) ৰেণু গঠন - ঢেকীয়াই  ৰেণু গঠনৰ দ্বাৰা প্ৰজনন কৰে। এই ৰেণুবোৰ হ'ল অযৌন প্ৰজনন অংগ। প্ৰতিটো ৰেণু প্ৰতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আদ্ৰতা আদি পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে।

৩/ যৌন প্ৰজনন বুলিলে  তুমি কি বুজা বহলাই লিখা।
উত্তৰ:-
যৌন প্ৰজননত পুংজনন আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে। পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বোলে আৰু ইয়াৰ ফলত যোজন কোষ গঠন হয় পৰৱৰ্তী  সময়ত যোজন কোষটো ভ্ৰণলৈ বিকশিত হয়।

1 comment:

  1. প্ৰশ্ন উওৰ ইমান কম থাকে কয়?

    ReplyDelete