Friday 25 June 2021

নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান || Chapter 9 || Class 8 Social Science || Assamese Medium

নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান || Chapter 9

Class 8 Social Science in Assamese Medium

নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 9
অধ্যায়ঃ 9

১। উত্তৰ দিয়া-
ক।ভক্তিবাদ বুলিলে কি বুজা?
উত্তৰ:-
ভগমানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি আঘাত প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ।

খ।ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি?
উত্তৰ:-
১। খ্ৰীষ্টীয় শতিকাত দক্ষিণাত্যৰ  তামিল ৰাজ্যত আলভাৰচ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায়ৰ দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল।
২। মধ্যযুগত ইছলাম ধৰ্মৰ অৰ্ভিভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল।

গ।দিব্য প্ৰবন্ধম কি?
উত্তৰ:-
আলভাৰছসকলৰ গীত,মাত,মৌখিক সাহিত্যৰ কীৰ্তীৰাজী পৰৱৰ্তীকালত সংকলিত ৰূপত প্ৰকাশ পায়।আলভাৰছ সকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে।

ঘ। উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰিধৰোঁতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা।
উত্তৰ:-
নানক,তুলসীদাস, কবীৰদাস আৰু ৰামানন্দ।

ঙ। শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে।
উত্তৰ:-
ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে।

২। উপযুক্ত শব্দেৰে তলৰ খালী ঠাই পূৰ কৰা-
ক। শংকৰাচাৰ্য আছিল___বিশ্বাসী।
উত্তৰ:-
অদ্বৈতবাদত।

খ। খ্ৰীষ্টীয়___পৰা ভাৰতত ইছমান ধৰ্মাৱলী তুৰ্কী আফগানসকলৰ আৰ্বিভাৱ ঘটিছিল।
উত্তৰ:-
নৱম শতিকাৰ।

গ।ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল__।
উত্তৰ:-
বিষ্ণুৰ অৱতাৰ ৰাম।

ঘ। তুলসীদাসক__বুলি গণ্য কৰিছিল।
উত্তৰ:-
বাল্মিকীৰ অৱতাৰ।

ঙ।গীত গোবিন্দত শ্ৰী কৃষ্ণৰ লীলাৰ__আৰু গৰিমা প্ৰচাৰ কৰা হৈছে।
উত্তৰ:-
প্ৰশংসা।

৩।চমু টোকা লিখা-
ক। শংকৰাচাৰ্য
উত্তৰ:-
দক্ষিণ ভাৰতত কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান।

খ।জ্ঞানদেৱ
উত্তৰ:-
উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত ১০ শতিকাত ভক্তি আন্দোলন সূচনা হয়।জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰকাশ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা,ধনী-দুখীয়া আদি বৈষম্যবোৰ আতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল।

গ।ৰামানন্দ
উত্তৰ:-
উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তি আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পন্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম।

ঘ।নানক
উত্তৰ:-
উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোতাসকলৰ অন্যতম আছিল গুৰু নানক। কবীৰৰ ভক্তিমাৰ্গে তেখেতক বৰকৈ প্ৰবাহিত কৰিছিল।নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তিপূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল।

ঙ।মীৰাবাঈ
উত্তৰ:-
১০ শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলন গঢ়ি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাঈয়েও ভজন কীৰ্তন জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তিমাৰ্গে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

৪।আলভাৰচসকল কোন? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল?
উত্তৰ:-
খ্ৰীষ্টীয় সপ্তম শতিকাত দক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰছ নামৰ সম্প্ৰদায়টো। আলভাৰছ সকল ভগৱান বিষ্ণুৰ উপাসক আছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল।

৫।চুফিবাদৰ মূলমন্ত্ৰ কি আছিল? ভাৰতত চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা।
উত্তৰ:-
চুফিবাদৰ মূলমন্ত্ৰ হৈছে- একে ভগৱানকে উপাসনা কৰা।
    চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম হ'ল- নিজামুদ্দিন আউলিয়া আৰু মইনুদ্দিন চিস্তি।

৬।কবীৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল?
উত্তৰ:-
কবীৰ মুছলমান তাঁতী পৰিয়ালৰ এটাত ডাঙৰ দীঘল হৈছিল। অন্যান্যসাধসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম,হৰি,খোদা,আল্লা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। কবীৰে ভক্তিৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ঠ সমাদৰ লাভ কৰিছিল।

৭। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল?
উত্তৰ:-
মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাৰ ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহ্বানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতিভেদ, প্ৰথা, ধনী-দুখীয়া,উচ্চ নীচ পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰ পৰা মুক্তি বিচাৰিছিল।

৮। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি?
উত্তৰ:-
ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল।এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ, প্ৰথা, ধনী-দুখীয়া, উচ্চ নীচ আচাৰ অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল।উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগে লগে সমানে ধৰ্ম প্ৰচাৰ কৰাৰ সুযোগ লাভ কৰিছিল।

Contributed by: Sagar Chetry

2 comments: