Wednesday 9 June 2021

প্ৰাকৃতিক সম্পদ || CLASS 8 || Social Science || SCERT || Assamese Medium || Questions & Answers

প্ৰাকৃতিক সম্পদ, class 8, social science, lesson chapter 1, in assamese medium

Class 8 Social Science in Assamese Medium


অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 1
অধ্যায়ঃ 1

১। চমু উত্তৰ দিয়া - 

ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। 

উত্তৰ:- i. জনসংখ্যাৰ বৃদ্ধি, ii. অৰ্থনৈতিক প্ৰতিযোগিতা। 

 

খ) কোনো এখন ঠাইত জন বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা। 

উত্তৰ:- i. খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাৰ আশে-পাশে জন বসতি ঘন হয়। 

ii.  কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে-পাশে জন বসতি ঘন হয়। 

 

গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। 

উত্তৰ:- i. কৃষি কাৰ্যত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ। 

ii. খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে। 

 

ঘ।‍ বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। 

উত্তৰ:- i. ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। 

ii. ভূ-তল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে। 

 

২। শুদ্ধ উত্তৰটো লিখা। 

ক) তলৰ কোন টোৱে পানীৰ সংৰক্ষণত সহায় কৰে? 

১।অবাবতে পানীৰ টেপ খুলি থলে, 

২। ভূ গৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে, 

৩।বৰষুণৰ পানীৰ জমা কৰি থলে। 

উত্তৰ:-৩। বৰষুণৰ পানী জমা কৰি থ'লে। 

 

খ) নিৰ্মল পানী পাবলৈ হ'লে- 

১।আবৰ্জনাবোৰ নৈত পেলাব লাগে, 

২।পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, 

৩।পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। 

উত্তৰ:-৩। পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। 

 

গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। 

১।জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, 

২।অপৰম্পৰাগত শক্তি সুব্যাবহাৰ কৰিলে, 

৩। শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। 

উত্তৰ:- ১। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। 

 

Class 8 Social Science Assamese Medium Question Answer Chapter 1

৩। ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। 

উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ মাটি।এই মাটি বা ভূমিয়ে হৈছে জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনেই হৈছে ভূমি। ভূমি সম্পদৰ উপৰত নিৰ্ভৰশীল। ভূমিৰ উপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি,শিল্প, উদ্যোগ, যাতায়ত আৰু যোগাযোগ ব্যৱস্থা গঢ়লৈ উঠিছে। গ্ৰাম্য অঞ্চলৰ ভূমিয়েই কৃষকৰ জীয়াই থকাৰ সম্বল।এই মাটিতেই কৃষি কাৰ্য কৰিয়েই তেওঁলোকে জীয়াই থাকে। 

 

৪। বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? 

উত্তৰ:- বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল,অভাৰণ্য আদিৰ উপৰি ব্যক্তিগতভাৱে আমি অৰণ্য আৰু বনজ সম্পদসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা কৰা উচিত। 

 

৫। শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে? 

উত্তৰ:- শক্তি সম্পদৰসংৰক্ষণৰ বাবে আমি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগিব আৰু সম্পদ ৰাহি কৰিবলৈ সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। 

 

৬। চমু টোকা লিখা- 

ক) বন্যপ্ৰাণী 

উত্তৰ:- হাবিত বাস কৰা সৰু-বৰ জীৱ-জন্তু, চৰাই-চিৰিকতি সৰীসৃপ, উভচৰ প্ৰাণী,কীট- পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি।সকলো বন্যপ্ৰাণীয়ে প্ৰাকৃতিক সম্পদ। 

খ) জীৱাশ্ম ইন্ধন 

উত্তৰ:- জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এইবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হয় যায়। 

গ) মৰুকৰণ 

উত্তৰ:- প্ৰাকৃতিক বা মানৱজনীয় কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। 

ঘ) সৌৰশক্তি 

উত্তৰ:- সূৰ্য অফুৰন্ত শক্তিৰ ভৰাল।আমি প্ৰত্যেক দিনাই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকো।সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্ৰোত শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। 

 ঙ) ভূমিস্খলন 

উত্তৰ:- ভূমিস্খলন হৈছে প্ৰাকৃতিক কাৰণত বা মানৱ সৃষ্টিৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ।নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকৰণি আদিৰ ফলত ওখ ঠাইৰ ভূ-খন্ড তললৈ খৰি পৰাকে ভূমিস্খলন বোলে। 

 

৭। পাৰ্থক্য দেখুওৱা- 

ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। 

উত্তৰ:- ১। গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰত পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নাযায় কিন্তু নগৰীয়া অঞ্চলত পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা হয়। 

২। গ্ৰাম্য অঞ্চলৰ মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল কিন্তু নগৰীয়া অঞ্চলৰ মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল নহয়। 

 

খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। 

উত্তৰ:- ১। পৰম্পৰাগত শক্তিৰ প্ৰদূষণৰ মাত্ৰা বেছি কিন্তু অপৰম্পৰাগত শক্তিৰ প্ৰদূষণৰ মাত্ৰা কম। 

২। পৰম্পৰাগত শক্তি ব্যৱহাৰ কৰা লগে লগে শেষ হয় যায় কিন্তু অপৰম্পৰাগত শক্তি ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়।

Contributed by: Sagar Chetry

2 comments: