Friday 25 June 2021

মধ্য যুগৰ অসম || Chapter 10 || Class 8 Social Science || Assamese Medium

মধ্য যুগৰ অসম || Chapter 10

Class 8 Social Science in Assamese Medium

মধ্য যুগৰ অসম

অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সমাধান
Questions & Answers
Chapter: 10
অধ্যায়ঃ 10

১। উত্তৰ লিখা-
ক।কিমান শতিকাত আহোম সকল অসমলৈ আহিছিল?
উত্তৰ:-
ত্ৰয়োদশ শতিকাত।

খ। চুকাফা অসমত আহোতে লগত অনা মন্ত্ৰী দুজন কোন আছিল?
উত্তৰ:-
বুঢ়াগোহাঁই আৰু বৰগোহাঁই।

গ।মুলাগাভৰু কোন আছিল?
উত্তৰ:-
ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী।

ঘ।কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে?
উত্তৰ:-
১৮৬৯ খ্ৰীষ্টাব্দত।

ঙ।কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল?
উত্তৰ:-
১৫৬২ খ্ৰীষ্টাব্দত।

চ।চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন?
উত্তৰ:-
ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ।

২। ক্ৰমানুসাৰে সজোৱা-
ক।ইয়ান্ডাবু সন্ধি।
খ। হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ।
গ। শৰাইঘাটৰ যুদ্ধ।
ঘ।মিৰজোমলাৰ অসম আক্ৰমণ।
ঙ। স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন।
চ।ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ।
উত্তৰ:- ঙ,চ,খ,ঘ,গ আৰু ক।

৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা-
ক। আহোমসকলে অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ।
উত্তৰ:-
শুদ্ধ।

খ।চুডাংভা বা বামুণী কোঁৱৰৰ দিনৰ পৰা স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে।
উত্তৰ:-
অশুদ্ধ।

গ।মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিছ অসমলৈ আহিছিল।
উত্তৰ:-
শুদ্ধ।

ঘ। কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য বৃটিছৰ অধীনস্থ হয়।
উত্তৰ:-
শুদ্ধ।

ঙ।চুটীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল।
উত্তৰ:-
অশুদ্ধ।

চ। কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী-আফগানসকলক ভূঞাসকলে সহায় কৰিছিল।
উত্তৰ:- অশুদ্ধ।

৪।খালী ঠাই পূৰোৱা-
ক। আহোমসকল অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন __নামেৰে পৰিচিত হয়।
উত্তৰ:-
অসম।

খ। আহোমসকলে__নামৰ দেৱতাক পূজা সেৱা কৰিছিল।
উত্তৰ:-
চোমদেউ।

গ।__স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ হিন্দু নাম।
উত্তৰ:-
স্বৰ্গ নাৰায়ণ।

ঘ।সন্ধাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা__ লৈ স্থান্তৰিত কৰে।
উত্তৰ:-
কমতাপুৰলৈ।

ঙ।__চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
উত্তৰ:-
ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ।

চ।__ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক।
উত্তৰ:-
ভূঞা।

৫। উত্তৰ লিখা-
ক। কেতিয়া,কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ:-
ত্ৰয়োদশ শতিকাত, চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল।
   ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰালৈ এই সময়ছোৱাত চুকাফাই খোলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বধ কৰি নিজৰ অধীনস্থ কৰিছিল।এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকলক নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পানী গ্ৰহণ কৰিছিল।

খ। শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হ'ল?
উত্তৰ:-
শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল।
   এই যুদ্ধত মোগল সেনা পৰাজিত হৈছিল আৰু আহোমে হেৰুৱা মান ,যশ উদ্ধাৰ কৰিছিল।

গ।বীৰ চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল?
উত্তৰ:-
বীৰ চিলাৰায়ৰ অন্য এটা নাম শুক্ৰধ্বজ।
কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত
তেওঁৰেই ভায়েক শুক্ৰধ্বজক সেনাপতি পাতিছিল। শুক্ৰধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁ বুৰঞ্জীত চিলাৰায় নামেৰে জনাজাত।
      তেওঁ আহোম ৰাজ্য,কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা,খৈৰাম,ডিমৰুৱা,শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল।

ঘ।বাৰভূঞাসকল কোন?
উত্তৰ:-
অসমত বাৰভূঞাসকলৰ সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ
পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহ মুক্ত হোৱা সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক।অসমৰ ভূঞাসকল মূলতঃ ভূঞাসকলক বাৰভূঞা বুলি জনা যায়।

ঙ। কছাৰীসকল কোন?
উত্তৰ:-
কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। ইতিহাসবিদৰ মতে কছাৰীসকল কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট,মৈমন সিং আদিকে ধৰি সাগৰৰ পাৰত বিস্তৃত হৈ আছিল। চুতীয়া,কোচ,ত্ৰিপুৰী, শৰণীয়া,গাৰো,ৰাভা,লালুং,ডিমছা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভূক্ত আছিল।

Contributed by: Sagar Chetry

2 comments: