Saturday 8 August 2020

দ্ৰব্যৰ পৃথকীকৰণ, Lesson 5, Class 6, Science, Assamese Medium, SCERT

দ্ৰব্যৰ পৃথকীকৰণ
১।মিশ্ৰণত থকা উৎপাদনসমূহ পৃথক কৰা কিয় প্ৰয়োজন? দুটা উদাহৰণ দিয়া।
উত্তৰ:- মিশ্ৰণত থকা উৎপাদন সমূহ পৃথক কৰা প্ৰয়োজন কাৰণ-
ক।ব্যৱহাৰৰ অনুপযোগী উপাদান আতৰ কৰিব লগা হয়।
খ। ক্ষতিকাৰণ উপাদান সমূহ আতৰ কৰিবলগীয়া হয়।
উদাহৰণ- চাউলৰ পৰা শিলগুটি আতৰ কৰা।
মাখন পৃথক কৰিবলৈ গাখিৰৰ মথন।

২।জৰা প্ৰক্ৰিয়া কি?এই প্ৰক্ৰিয়াটো কিহত প্ৰয়োগ হয়?
উত্তৰ:-এটা মিশ্ৰণত থকা গধূৰ আৰু পাতল উপাদানসমূহ বতাহ বা বায়ুৰ সোতঁ বলাই পৃথক কৰা পদ্ধতিটোক জৰা প্ৰক্ৰিয়া বোলে।
এই পদ্ধতিটো শস্যৰ গধূৰ বীজৰ পাতল চোকোৰা বাবাকলি পৃথক কৰিবলৈ ব্যৱস্থাৰ কৰা হয়।

৩। দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা ভৰিৰ কণিকাবোৰ ৰন্ধাৰ আগতে তোমালোকে কেনেকৈ পৃথক কৰিবা ।
উত্তৰ:- দোকানৰ পৰা কিনি অনা দাইলত থকা বাকলি নাইবা মলিৰ কণিকাবোৰ ৰন্ধাৰ আগতে পানীৰে ধোৱা হয়। তেনে কৰিলে ইয়াত মিহলি হৈ থকা অশুদ্ধি যেনে-মাটি গুৰিবোৰ আৰু ধূলি পৃথক হৈ পৰে। এই প্ৰক্ৰিয়াটো অস্ৰাৱন প্ৰক্ৰিয়া নামে জনাজাত।

৪। চালনীৰে চলা প্ৰক্ৰিয়া কি? ইয়াক কিহত প্ৰয়োগ কৰা হয?
উত্তৰ:-চালনীৰে চলা প্ৰক্ৰিয়াত মিশ্ৰণত এটাত থকা মিহি দানাবোৰ বিন্ধাৰে সৰকি পৰে আৰু ডাঙৰ আকাৰৰ অশুদ্ধিবোৰ চালনীত ৰৈ যায় ।
যেতিয়া মিশ্ৰণৰ উৎপাদন বিলাকৰ আকাৰ বেলেগ বেলেগ হয় তেতিয়া চালনীৰে চলা প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয়। উদাহৰণ স্বৰূপে-ঘৰ নিৰ্মাণ কৰোতে বালিৰ পৰা শিলগুটি পৃথক কৰিবলৈ চালনীৰে চলা প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়।

৫।বালি আৰু পানীক ইহঁতৰ মিশ্ৰণৰ পৰা কেনেকৈ পৃথক কৰিব কৰিবা?
উত্তৰ:-বালি মিহলি পানীখিনি কোনো এটা বাচনত লৰচৰ নকৰাকৈ কিছু সময় থৈ দিলে বালিখিনি বাচনটোৰ তলিত জমা হয়।

৬।আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱনে? যদি সম্ভৱ ,তেনেহলে কেনেকৈ পৃথক কৰিবা?
উত্তৰ:-আটা গুড়িৰ লগত মিহলি হৈ থকা চেনি পৃথক কৰা সম্ভৱ এই ক্ষেত্ৰত আমি চালনী ব্যৱহাৰ কৰিব লাগে। আটাৰ গুড়িবোৰ সৰু হোৱাৰ বাবে চালনীৰ ফাকেৰে তললৈ ধৰি পৰে আৰু চেনীৰ দানাবোৰ ডাঙৰ হোৱাৰ বাবে চালনীত ৰৈ যায়।

৭। বোকাময় পানীৰ নমুনা এটাৰ পৰা পৰিষ্কাৰ পানী কেনেকৈ পাবা?
উত্তৰ:-বোকাময় পানীখিনি কোনো বাচন এটাত লৰচৰ নকৰাকৈ অলপ সময় থৈ দিলে বোকা বা তেনে পদাৰ্থ পানীৰ তলিত জমা হয়।

৮। খালী ঠাই পূৰ কৰা-
ক।ধান গছৰ ঠাৰিৰ পৰা ইয়াৰ গুটি পৃথক কৰা পদ্ধতিটোক ___ বোলা হয় ।
উত্তৰ:- মৰণা মৰা ।

খ। গাখীৰ উতলাই ঠান্ডা কৰি যেতিয়া এখন কাপোৰৰ ওপৰত ঢালি দিয়া হয়, তেতিয়া সৰহখিনি ইয়াৰ ওপৰত ৰৈ যায় । গাখীৰৰ পৰা সৰহ পৃথক কৰাটোক __ এটা উদাহৰণ ।
উত্তৰ:- পৰিস্ৰাণ প্ৰক্ৰিয়া ।

গ।সাগৰৰ পানীৰ পৰা নিমখ____ প্ৰক্ৰিয়াৰে আহৰণ কৰা হয় ।
উত্তৰ:- বাষ্পীভৱন ।

ঘ। বোকাময় পানী গোটেই ৰাতি এটা বাল্টিত থৈ দিয়াত অশুদ্ধিবোৰ তলত গোট খালে । ওপৰৰ পৰিষ্কাৰ পানীখিনি পাছত বাকি দিয়া হ'ল ।এই ক্ষেত্ৰত প্ৰয়োগ হোৱা পৃথকীকৰণৰ প্ৰক্ৰিয়াটোক ___ বুলি কোৱা হয় ।
উত্তৰ:- অৱক্ষেপন ।

৯। শুদ্ধ নে অশুদ্ধ —
ক। গাখীৰ আৰু পানীৰ মিশ্ৰণ পৰিস্ৰাৱণৰ পৰা পৃথক কৰিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।

খ। নিমখ আৰু চেনিৰ গুড়িৰ মিশ্ৰণ জৰা প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
উত্তৰ:- অশুদ্ধ ।

গ। চাহৰ পৰা চেনি পৰিস্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।

ঘ। শস্য আৰু ইয়াৰ বাকলি অস্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি ।
উত্তৰ:- অশুদ্ধ ।

1 comment: