Saturday 8 August 2020

পদাৰ্থ সমূহৰ শ্ৰেণী বিভক্তকৰণ, Lesson 4, Class 6, Science, Solutions in Assamese Medium, SCERT

পদাৰ্থ সমূহৰ শ্ৰেণী বিভক্তকৰণ
১। কাঠেৰে তৈয়াৰী পাচঁবিধ বস্তুৰ নাম লিখা ।
উত্তৰ:- চকী,ডেস্ক,বেঞ্চ, বিছনা আৰু আলমাৰী ।

২।তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্বলতা আছে বাছি উলিওৱা ।
কাছৰ ফাটি, প্লাষ্টিকৰ পুতলা,ষ্টীলৰ চামুচ, কপাহী চোলা ।
উত্তৰ:- কাচৰ বাটি আৰু ষ্টীলৰ চামুচ ।

৩।তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা, যিবোৰৰ পৰা বস্তটো তৈয়াৰ কৰা হয় ।মনত ৰাখিবা যে বস্তু এটা এবিধকৈ বেছি পদাৰ্থৰে গঠন হ'ব পাৰে আৰু এটা পদাৰ্থও বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হ'ব পাৰে ।
বস্তু পদাৰ্থ
কিতাপ কাচ
গিলাচ কাঠ
চকী কাগজ
পুতলা চামৰা
জোতা প্লাষ্টিড
উত্তৰ:-
বস্তু পদাৰ্থ
কিতাপ কাগজ
গিলাচ কাচ
চকী কাঠ
পুতলা প্লাষ্টিড
জোতা চামৰা

৪। তলত দিয়া উক্তিবোৰৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা ।
ক। শিল স্বচ্ছ, কিন্তু কাচ অস্বচ্ছ ।
উত্তৰ:- অশুদ্ধ ।

খ। টোকাবহীৰ উজ্বলতা আছে কিন্তু ৰবৰৰ নাই ।
উত্তৰ:- শুদ্ধ ।

গ। চকমাটি পানীত দ্ৰৱীভূত হয় ।
উত্তৰ:- অশুদ্ধ ।

ঘ। কাঠৰ টুকুৰা এটা পানীত ওপঙে ।
উত্তৰ:- শুদ্ধ ।

ঙ। পানীত চেনি দ্ৰৱীভূত নহয় ।
উত্তৰ:- অশুদ্ধ ।

চ। পানীত তেল মিহলি হয় ।
উত্তৰ:- অশুদ্ধ ।

ছ। বালি পানীৰ তললৈ যায় ।
উত্তৰ:- শুদ্ধ ।

জ। পানীত ভিনেগাৰ দ্ৰৱীভূত হয় ।
উত্তৰ:- শুদ্ধ ।

৫। তলত কিছুমান বস্তু আৰু পদাৰ্থক নাম দিয়া আছে ।
পানী,বাচকেট বল, কমলা, চেনি, গ্লোব,আপেল আৰু মাটি কলহ ।
ক। গোলাকৃতি আৰু অন্য আকৃতি
উত্তৰ:- গোলাকৃতি - বাচকেট বল, কমলা, গ্লোব, আপেল ।
অন্য আকৃতি - পানী, চেনি, মাটিৰ কলহ ।

খ। খোৱাৰ উপযোগী বস্তু আৰু খোৱাৰ অনুপযোগী বস্তু ।
উত্তৰ:- খোৱাৰ উপযোগী বস্তু - পানী,চেনি, কমলা, আপেল ।
খোৱাৰ অনুপযোগী বস্তু - বাচকেট বল,গ্লোব, মাটিৰ কলহ ।

৬। তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাছি উলিওৱা।
ক। চকী,বিচনা,টেবুল, কেঁচুৱা,আলমাৰি,।
উ: কেঁচুৱা

No comments:

Post a Comment