Friday 14 August 2020

অম্ল, ক্ষাৰক আৰু লৱণ | Class 7| Lesson 5| Assamese Medium Solutions|

অম্ল, ক্ষাৰক আৰু লৱণ
১।অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য লিখা ।
উত্তৰ:- অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য হ'ল -
ক।অম্লৰ সোৱাত টেঙা ।কিন্তু ক্ষাৰৰ সোৱাত তিতা ।
খ।অম্লই নীলা লিটমাছ ৰঙা কৰে। কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে ।

২।খিৰকি পৰিষ্কাৰকৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এমনিয়া থাকে । ই ৰঙা লিটমাছ নীলা কৰে । ই কি প্ৰকৃতিৰ ?
উত্তৰ:- ইয়াৰ প্ৰকৃতি হ'ল- ক্ষাৰকীয় ।

৩। লিটমাছৰ দ্ৰৱৰ উৎসটোৰ নাম লিখা । এই দ্ৰৱৰ ব্যৱহাৰ কি ?
উত্তৰ:- লিটমাছৰ দ্ৰৱৰ উৎসটোৰ নাম হ'ল- ছাত্ৰক শৈৱাল । কোনো এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰৱ ব্যৱহাৰ কৰিব পাৰি ।

৪। পাচিত পানী আম্লিক,ক্ষাৰকীয় নে প্ৰশম ?তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা ।
উত্তৰ:- পাতিত পানীত ৰঙা আৰু নীলা লিটমাছৰ কাগজ এখন ডুবাই দিলে লিটমাছ কাগজ খনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় । ইয়াৰ পৰা প্ৰমাণ হল যে পাতিত পানী প্ৰশম ।

৫। এটা উদাহৰণসহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা ।
উত্তৰ:- এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰশম বোলে । এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় । যেনে: HCl+NaOH=NaCl+H₂O

৬। তলৰ বাক্যটো শুদ্ধ হ'লে শু আৰু অশুদ্ধ হ'লে অ চিন দিয়া
ক। নাইট্ৰিট এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে।(শুদ্ধ/অ)
উত্তৰ:- অ ।

খ। ছডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে। (শুদ্ধ/অ)
উত্তৰ:- অ ।

গ। ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এছিডে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী লৱণ উৎপন্ন কৰে। (শুদ্ধ/অ)
উত্তৰ:- শু ।

ঘ। সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায়।(শুদ্ধ/অ)
উত্তৰ:- শু ।

ঙ। ক্ষাৰকৰ উপস্থিতৰ বাবে দন্তক্ষয় ৰোগ হয়। (শুদ্ধ/ অ)।
উত্তৰ:- অ ।

৭। ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানী বটল আছে। কিন্তু দুৰ্ভাগ্যবশতঃ এইবোৰত লেবেল নাই । এই পানীয় বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। এজন গ্ৰাহকক আম্লিক ,আন এজনক ক্ষাৰকীয়, আৰু তৃতীয় জনক প্ৰশম পানী লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিবা?
উত্তৰ:- ডেকাই কোনজনক কোনটো পানীয় বটল দিব সেইটো তেওঁ পৰীক্ষা কৰি থিৰাং কৰিব ।
১। যি পানীয় ৰঙা লিটমাছ কাগজ নীলা কৰিব । সেই পানীয় হ'ব ক্ষাৰকীয় ।
২। যি পানীয়ে নীলা লিটমাছ ৰঙা কৰিব । সেই পানীয় হ'ব আম্লিক ।
৩।যি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছৰ ৰঙ সলনি নকৰে , সেই পানীয় হ'ব প্ৰশম ।

৮। কাৰণ ব্যাখ্যা কৰা।
ক। এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা।
উত্তৰ:- কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ পৰা ৰক্ষা কৰে ।

খ। পৰুৱাই কামুৰিলে ছালত কেলামান দ্ৰৱ ঘঁহা হয়।
উত্তৰ:-কাৰণ পৰুৱাৰ শুঙত ফৰ্মিক এছিড থাকে । যেতিয়া পৰুৱাই কামুৰে তেতিয়া এই এছিড সোমাই দিয়ে । কেলামান দ্ৰৱই এচিডক প্ৰশমিত কৰিব।

গ। কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়।
উত্তৰ:- কাৰখানাৰ আৱৰ্জনাবোৰত অম্ল থাকে । যদি এই আৱৰ্জনাসমূহ পোনে পোনে জলাশয়লৈ যাব দিয়া হয় । তেনেহলে ই পানীত থকা
মাছ,কাছ আৰু বিভিন্ন প্ৰাণীবোৰক ধ্বংস কৰিব ।
সেইবাবে কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয় ।

3 comments:

  1. Thanks mam मुझे इसकी बौहुत जरूरत थी🙏🙏🇮🇳🇮🇳

    ReplyDelete
  2. Yah aapane kya likha hai ekadam bekar hai

    ReplyDelete