Friday 1 May 2020

তাপ | Lesson 4 | Science | Class 7 | In Assamese Medium

Class 8 Science in Medium, Lesson - ৪, তাপ


তাপ | Lesson 4 | Science | Class 7 | In Assamese Medium

অনুশীলনী়

১) পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা।
Answer: 
সাদৃশ্য
  • দুয়োটা তাপমেতা কাঁচেৰে নিৰ্মাণ কৰা হয়।
  • দুয়োটা তাপমেতৰ মূৰত বাল্ব থাকে।
  • বাল্বত পাৰা থাকে।
পাৰ্থক্য
  •  জ্বৰ জোখা তাপমেতাৰ সহায়ত কেৱল 35 ডিগ্ৰীৰ পৰা 42 ডিগ্ৰী ছেলছিয়াছলৈহে উষ্ণতা জুখিব পাৰে। কিন্তু পৰীক্ষাগাৰৰ তাপমেতাৰ সহায়ত -10 ডিগ্ৰীৰ পৰা 110 ডিগ্ৰী ছেলছিয়াছলৈ উষ্ণতা জুখিব পাৰে।
  •  জ্বৰ জোখা তাপমেতাৰ সহায়ত মানুহৰ শৰীৰৰ উষ্ণতা জোখা হয়। কিন্তু পৰীক্ষাগাৰৰ তাপমেতাৰ সহায়ত পৰীক্ষাগাৰত বিভিন্ন উষ্ণতা জোখা হয়।
২) তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া।
Answer: পৰিবাহীঃ লো, তাম
অপৰিবাহীঃ কাঠ, প্লাষ্টিক

৩) খালী ঠাই পূৰ কৰাঃ
(ক) কোনো এটা বস্তুৰ উওাপ ইয়াৰ............. দ্বাৰা নিৰ্ণয় কৰা হয়।
Answer: উষ্ণতা
(খ) উতলা‌ পানীৰ উষ্ণতা......... তাপমেতাৰে জুখিব নোৱাৰি।
Answer: জ্বৰজোখা তাপমেতা
(গ) ডিগ্ৰী........ এককত উষ্ণতা জোখা হয়।
Answer: ছেলছিয়াছ
(ঘ) ........ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়।
Answer: বিকিৰণ
(ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই........ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।
Answer: পৰিবহণ
(চ) পাতল ৰঙৰ বস্ত্ৰতকৈ........ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।
Answer: ডাঠ


(৪) তলৰ বাক্যবোৰ মিলোৱাঃ
(ক) স্থলবতাহ বলে
(খ) জলবতাহ
(গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়
(ঘ) পাতল ৰঙৰ বস্ত্ৰ‌‌‌ পচন্দ কৰা হয়

(ক) গ্ৰীষ্মকালত
(খ) শীতকালত
(গ) দিনত
(ঘ) ৰাতি

Answer:
(ক) স্থলবতাহ বলে - (ঘ) ৰাতি
(খ) জলবতাহ - (গ) দিনত
(গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় - (খ) শীতকালত
(ঘ) পাতল ৰঙৰ বস্ত্ৰ‌‌‌ পচন্দ কৰা হয় - (ক) গ্ৰীষ্মকালত

(৫) শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা।
উত্তৰঃ কাপোৰৰ কেইবাটাও তৰপ লোৱাৰ ফলত কাপোৰৰ তৰপৰ মাজত বায়ুৰো তৰপৰ সৃষ্টি হয়। আনহাতে বায়ু হৈছে তাপৰ কুপৰিবাহী। যাৰ ফলত আমাৰ শৰীৰৰ উষ্ণতা বায়ুৰ তৰপসমূহ পাৰ হৈ বাহিৰলৈ ওলাই যাবব নোৱাৰে। সেয়েহে আমাৰ শৰীৰ গৰম হৈ থাকে।

(৬) তলৰ চিত্ৰ ৪.১৩ টো লক্ষ্য কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ‌ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা।
lesson 4, heat, তাপ

(৭) উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃ বেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া‌ হয়। ব্যাখ্যা কৰা।
উত্তৰঃ উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃ বেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া‌ হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে বৰঞ্চ তাক প্ৰতিফলিতহে কৰে। ফলত ঘৰৰ ভিতৰৰ উষ্ণতা অত্যধিক বৃদ্ধি নাপায়।

(৮) ৩০° ত‌ থকা এক লিটাৰ পানী ৫০° ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল।
মিশ্ৰণৰ উষ্ণতা হ'ব-
(ক)৮০°C
(খ) ৫০°C ত‌ কৈ বেছি কিন্তু ৮০°C তকৈ কম
(গ)২০°C
(ঘ)৩০°C আৰু ৫০°C ৰ‌ মাজত

(৯) মগ এটাত থকা ৪০°C উষ্ণতাৰ পানীত ৪০°C উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ'ল। তাপ-
(ক) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত হ'ব।
(খ) লোৰ‌ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়।
(গ) পানীৰ পৰা লোৰ বললৈ সঞ্চালিত হ'ব।
(ঘ) দুয়োৰে উষ্ণতা বৃদ্ধি হ'ব।

(১০) আইছ ক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰ
(ক) পৰিবহণ প্ৰক্ৰিয়াৰে চেঁচা হ'ব।
(খ) পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ'ব।
(গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়।
(ঘ) চেঁচা নহয়।

(১১) নিষ্কলংক তীখা (stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়। ইয়াৰ কাৰণ হৈছে-
(ক) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়।
(খ) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।
(গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।
(ঘ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক।



 সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অন্যান্য অধ্যায়সমূহ 
উদ্ভিদৰ পৰিপুষ্টি | Science | Lesson 1 | Class 7 | Questions | Answers | Assamese Mediumchapter 2, nutrition iin plant, প্ৰাণীৰ পৰিপুষ্টি
উদ্ভিদৰ পৰিপুষ্টিপ্ৰাণীৰ পৰিপুষ্টি
aanhor pora kapurloi, আঁহৰ পৰা কাপোৰলৈতাপ | Lesson 4 | Science | Class 7 | In Assamese Medium
আঁহৰ পৰা কাপোৰলৈতাপ

2 comments: