Friday 15 May 2020

Class 7 Mathematics in Assamese Medium, Lesson 3, তথ্যৰ ব্যৱহাৰ, Data Handling

সপ্তম শ্ৰেণীৰ গণিত সমাধান (Class 7 Math)

অধ্যায়ঃ 3 (Chapter: 3) 
তথ্যৰ ব্যৱহাৰ (Data Handling)

Class 7 Mathematics in Assamese Medium, Lesson 3, তথ্যৰ ব্যৱহাৰ, Data Handling


অনুশীলনীঃ 3.1
Exercise: 3.1
1. প্ৰথম 10 টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা
Solution:
গড় =
1+2+3+4+5+6+7+8+9+10
10
গড় =
55
10
গড় = 5.5

প্ৰসাৰ = সৰ্বোচ্চ মান - সৰ্বনিম্ন মান
         = 10 - 1
         = 9

2. জিলাভিত্তিক খেল প্ৰতিযোগিতাত 12 খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনেধৰণৰঃ 11, 8, 13, 6, 10, 15, 18, 9, 10, 9, 11, 12
(i) লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান?
Answer: 18
(ii) লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান?
Answer: 6
(iii) তথ্যখিনিৰ প্ৰসাৰ কিমান?
Solution:
প্ৰসাৰ = সৰ্বোচ্চ মান - সৰ্বনিম্ন মান
         = 18 - 6
         = 12
(iv) তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা
Solution:

গড় =
11+8+13+6+10+15+18+9+10+9+11+12
12

গড় =
132
12

গড় = 11

3. এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ (100 নম্বৰৰ ভিতৰত)
গণিত-75    সমাজ বিজ্ঞান-69
অসমীয়া-73   ইংৰাজী-67
বিজ্ঞান-82   হিন্দী-78
নম্বৰসমূহৰ গড় নিৰ্ণয় কৰা
Solution:

গড় =
75+69+73+67+82+78
6

গড় =
444
6

গড় =74

4. এখন বিদ্যালয়ৰ যোৱা পাঁচটা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমে 40, 62, 68, 48, 52 গৰাকী। বিদ্যালয়খনত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় নিৰ্ণয় কৰা
Solution:

গড় =
40+62+68+48+52
5
গড় =
270
5
গড় = 54

5. এজন ক্ৰিকেট খেলুৱৈয়ে আঠটা ইনিংছত তলত দিয়া ধৰণে স্ক'ৰ কৰেঃ
77, 41, 101, 46, 59, 1, 36, 47 খেলুৱৈজনৰ গড় স্ক'ৰ উলিওৱা
Solution:

গড় =
77+41+101+46+59+1+36+47
8
গড় =
408
8
গড় =51
6. 7 জন ল'ৰাৰ ওজন ক্ৰমে 36, 32, 30, 28, 32, 33, 26 কি.গ্ৰা.

(i) 'ৰা কেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা
Solution:

গড় =
36+32+30+28+32+33+26
7
গড় =
217
7
গড় =31
(ii) 30 কি.গ্ৰা.তকৈ বেছি ওজনৰ কিমানজন ল'ৰা আছে?
Answer: চাৰিজন
(iii) 25 কি.গ্ৰা.তকৈ কম ওজনৰ ল'ৰা ওপৰৰ তালিকাত আছেনে? যদি আছ কিমানজন আছে?
Answer: নাই 

7. মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা পাঁচটা মাহত 500 টকা, 600 টকা, 700 টকা আৰু 500 টকাকৈ সঞ্চয় কৰিলে। তেওঁৰ প্ৰতিমাহত সঞ্চয় কিমান?
Solution:

গড় =
500+600+600+700+500
5
গড় =
2900
5
গড় =580 টকা

8. প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰঃ
প্ৰথম
দ্বিতীয়
তৃতীয়
চতুৰ্থ
পঞ্চম
26
32
34
28
30

(i) বিদ্যালয়খনৰ শ্ৰেণীসমূহত ছাত্ৰ-ছাত্ৰীৰ গড় সংখ্যা নিৰ্ণয় কৰা
Solution:

গড় =
26+32+34+28+30
5
গড় =
150
5
গড় = 30
(ii) প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত ক্ৰমে 3 জন আৰু 2 জন ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নামভৰ্ত্তি কৰিলে। তেতিয়া বিদ্যালয়ৰ শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ নতুন গড় নিৰ্ণয় কৰা
Solution: নতুনকৈ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী = 32+3 =35
আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী = 30+2 =32

নতুন গড় =
26+35+34+28+32
5
নতুন গড় =
155
5
নতুন গড় = 31

8 comments: