Sunday 3 May 2020

Class 7 Mathematics in Assamese Medium, Lesson 1, অখণ্ড সংখ্যা, Integers

সপ্তম শ্ৰেণীৰ গণিত সমাধান (Class 7 Math)

অধ্যায়ঃ 1 (Chapter: 1)
অখণ্ড সংখ্যা (Integers)

Lesson 1, Integers, অখণ্ড সংখ্যা


অনুশীলনীঃ 1.1 (Exercise 1.1)

1. 5 আৰু (-13) ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে?
Solution: 5 - (-13) = 5 + 13 = 18
∴ নিৰ্ণেয় সংখ্যা = 18 - 1 = 17 টা

2. 13 আৰু (-13) ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা।
Solution: আটাইতকৈ ডাঙৰ = 12
আটাইতকৈ সৰু = -12

3. তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যাৰেখাত বহুওৱা-
  -6, 4, -10, 5, -1

4. -15 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।
Solution: -14, -13, -12, -11, -10

5. সত্য নে অসত্য কোৱা
(i) ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। 
Answer: সত্য
(ii) আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা।
Answer: অসত্য
(iii) সংখ্যাৰেখাডাল '0' (শূণ্য) ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত। 
Answer: সত্য
(iv) '0' আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থূপটো গঠিত।
Answer: অসত্য
(v) যদি a + b = 0, তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত। 
Answer: সত্য

6. এযোৰ অখণ্ড সংখ্যা লিখা যাৰ-
(i) যোগফল -3
Solution: -1 + (-2) = -3
(ii) বিয়োগফল -5
Solution: 5 - 10 = -5
(iii) যোগফল 0
Solution: -3 + 3 = 0

(iv) বিয়োগফল 2
Solution: 3 - 1 = 2

7. এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6।
Solution: -10 - (-16) = 6

8. অখণ্ড সংখ্যা a আৰু b নিৰ্ণেয় কৰা যাতে −
(i) a + b ধনাত্মক
Solution: 18 + 2 = 20
(ii) a ≠ b
Solution: -5 ≠ 11
(iii) a - b = 0
Solution: 9 - 9 = 0

9. বাকচৰ খালী ঠাই পূৰ কৰা −
(i) (-15) + (-4) = (-4) + (-15)
(ii) 5 + {(-7) + 8} = {5 + (-7)} + 8
(iii) (-23) + 0 = -23 = (-23) + 0
(iv) (-19) + (-8) = -27
(v) x + 12 = 0 হ'লে x = -12

10. এজন মানুহে A স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল। কিন্তু আন এজন মানুহে A স্থানৰ পৰা 6 কিলোমিটাৰ পশ্চিমে গ'ল। তেতিয়া তেওঁলোকৰ দূৰত্বৰ অন্তৰ কি হ'ব?
Solution: A ব্যক্তিয়ে পূৱলৈ যোৱা দূৰত্ব = 14 km
                B ব্যক্তিয়ে পশ্চিমলৈ যোৱা দূৰত্ব = - 6 km
                 ∴ তেওঁলোকৰ দূৰত্বৰ অন্তৰ = 14 - (-6)
                                                     = 14 + 6 
                                                     = 20 km
 
11. এজন মানুহৰ হাতত 35 টকা জমা আছে কিন্তু আন এজনৰ 40 টকা ধাৰ আছে। প্ৰথমজন মানুহ দ্বিতীয়খন মানুহতকৈ কিমান চহকী?
Solution:      1ম মানুহৰ হাতত থকা জমা = 35 টকা
                      2য় মানুহৰ হাতত থকা ধাৰ = - 40 টকা
                            ∴ 1ম মানুহ বেছি চহকী = 35 - (-40)
                                                     = 35 + 45
                                                     = 75 টকা

12. কোনো এটা মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 25°C। কিন্তু বিয়লি 2 বজাত তাপমাত্ৰা 8°C বাঢ়িল আৰু ৰাতি 10 বজাত 3°C কমি তাপমাত্ৰা কমিল। বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5°C বাঢ়িলে । এই সময়ত তাপমাত্ৰা কিমান হ'ল?
Solution:  5 AMত গুৱাহাটীত তাপমাত্ৰা = 25°C
                  2 PMত তাপমাত্ৰা  বাঢ়িল      = +8°C
                         ∴ 2 PMৰ তাপমাত্ৰা  = 25 + 8
                                                        = 33°C  
                 10 PMত তাপমাত্ৰা কমিল  = -3°C   
                         ∴ 10 PMৰ তাপমাত্ৰা  = 33 + (-3)
                                                        = 30°C  
     বুধবাৰে 12 PMত তাপমাত্ৰা বাঢ়িল  = +5°C   
                        ∴ 12 PMৰ তাপমাত্ৰা  = 35°C 
 
13. অনুৰাধাই বেংকত 3,200 টকা জমা দলে আৰু পিছদিনা তাৰে 2,540 টকা উলিয়াই আনিলে।টকাখিনি উলিয়াই অনাৰ পিছত বেংকত কিমান টকা জমা থাকিব?
Solution: ধৰা হ'ল, জমা কৰা টকা = +3200
আৰু উলিওৱা টকা = -2540
বাকী টকা = 3200 + (-2540)
     = 3200 - 2540
     = 660 টকা


14. দুটা সংখ্যাৰ যোগফল-5। যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব?
Solution: দিয়া আছে যোগফল = -5
এটা সংখ্যা = 18
আনটো সংখ্যা = -5 - 18 = -23

15. -23ৰ লগত কি যোগ কৰিলে যোগফল 0 হ'ব?
Solution: দিয়া আছে যোগফল = 0
এটা সংখ্যা = -23
আনটো সংখ্যা = 0 - (-23) = 0 + 23 = 23

16. দুটা অখণ্ড সংখ্যাৰ যোগফল-48 তাৰে এটা-20 হ'লে আনটো কিমান হ'ব?
Solution: দিয়া আছে যোগফল = -48
এটা সংখ্যা = -20
আনটো সংখ্যা = -48 - (-20) = -48 + 20 = -28

17. সংখ্যাৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰাঃ
(i) (+5) - (+3)
(ii) (+6) + (-5)
(iii) (-6) - (+5)
(iv) (-8) + (-3)

18. তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰাঃ
(i) (-6) + 23 + (-2) = (-2) + (-6) + 23
Answer: শুদ্ধ
(ii) (16-15) + (-7) = 16-{15+(-7)}
Answer: অশুদ্ধ
(iii) স্বাভাৱিক সংখ্যা সমূহ বিয়োগত আৱদ্ধ।
Answer: অশুদ্ধ  
(iv) 0 আৰু -670 ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ।
Answer: অশুদ্ধ
(v) বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয়।
Answer: শুদ্ধ

3 comments:

  1. it site is very helpful for students...

    ReplyDelete
  2. আমি অঠার উওর ছাই

    ReplyDelete
  3. Very helpful for students and teachers also

    ReplyDelete