Wednesday 29 April 2020

LESSON 3: আঁহৰ পৰা কাপোৰলৈ | SCIENCE | CLASS 7 | ASSAMESE MEDIUM | SCERT

LESSON 3: আঁহৰ পৰা কাপোৰলৈ | SCIENCE | CLASS 7 | ASSAMESE MEDIUM | SCERT

aanhor pora kapurloi, আঁহৰ পৰা কাপোৰলৈ

(১) তোমালোক তলত দিয়া প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।
 (i) Baa-Baa black sheep, have you any wool.
 (ii) Mary had a Little lamb, whose fleece was white as snow.
 তলত দিয়া সমূহৰ উত্তৰ‌ দিয়া।
 (ক) Black Sheep ৰ‌ কোনটো অংশত ঊণ আছে?
 Answer: গাৰ নোমত
 (খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰ কি বুজায়?
 Answer: ঊণ

(২) পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (caterpillar), (খ) লাৰভা । এতিয়া তলৰ কোনটো শুদ্ধ?
(i)(ক)
(ii)(খ)
(iii) ক আৰু খ দুয়োটা
(iv) ক আৰু খ‌ এটাও নহয়।

(৩) তলত‌ দিয়া কোনটোৱে ঊণ নিদিয়ে।
(i)য়াক
(ii)উট
(iii)ছাগলী
(iv)নোমাল কুকুৰ।

(৪) তলত দিয়া শব্দবোৰে কি বুজায়?
(i) ৰিয়েৰিং বা পালন (rearing):ঊণ উৎপাদনৰ বাবে ভেড়া পালন কৰা হয়। এইক্ষেত্ৰত উচ্চমানদণ্ডৰ ঊণ উৎপাদনৰ বাবে "নিৰ্বাচিত প্ৰজাতি"ৰ ভেড়াহে পালন কৰা হয়।
(ii) শ্বীয়েৰিং বা নোম খুৰোৱা (shearing): ঊণ উৎপাদনৰ বাবে ভেড়াবোৰৰ নোম খুৰোৱা হয়। তাৰবাবে নাপিতে ব্যৱহাৰ কৰাৰ দৰে যন্ত্ৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে গৰম দিনতহে শ্বীয়েৰিং কৰা হয়।
(iii) ৰেচম বা পাট শিল্প (sericulture): পাটসূতা পাবৰ বাবে পাটপলু পোহা বা প্ৰতিপালন কৰাকে ৰেচম বা পাট শিল্প বোলে।

(৫) তলত‌ দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰণালীৰ   প্ৰায়বোৰ। নথকা স্তৰবোৰ‌ বাছি লিখা।
স্বীয়েৰিং বা নোম ফুৰোৱা,স্কাউৰিং বা পৰিষ্কাৰকৰণ, চৰ্টিং বা ভাগ কৰা, ভোবোৰা নোম বা 'বাৰ্চ' আতৰোৱা, ৰং কৰা,ফণিওৱা

(৬) পাট চকৰীৰ‌ জীৱন চক্ৰৰ দুটা অৱস্থাৰ চিত্ৰ অঁকা যিবোৰ পাট উৎপাদনত পোনপটীয়াকৈ জড়িত।
লেটা
চকৰী হ'বলৈ ধৰা লেটা

(৭) তলত দিয়াবোৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।
ৰেচম শিল্প (sericulture)
পুষ্পোদ্যান বিজ্ঞান (floriculture)
নুনীগছৰ খেতি (moriculture)
মৌ-পালন (apiculture)
বৃক্ষবিজ্ঞান (silviculture)।

ইংগিতঃ
(i)পাটৰ উৎপাদন নুনীগছৰ খেতি আৰু পাটপলু‌ পালনৰ লগত জড়িত।
(ii)নুনীগছৰ বৈজ্ঞানিক নাম মৰাচ আলবা (Morus Alba) ।

Answer: ৰেচম শিল্প (sericulture), নুনীগছৰ খেতি (moriculture)

(৮) 'ক' অংশৰ সৈতে 'খ' অংশ মিলোৱা
ক অংশ
১. স্কাউৰিং বা নিৰ্ঘৰ্ষণ
২. নুনী গছৰ পাত
৩. য়াক
৪. লেটাগুটি

খ অংশ
ক. পাটৰ সূতা উৎপাদন কৰে।
খ. ঊণ উৎপাদন কৰা প্ৰাণী।
গ. পাট পলুৰ খাদ্য।
ঘ. মহুৰা ফুৰা
ঙ. ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ

Answer: 
১. স্কাউৰিং বা নিৰ্ঘৰ্ষণ - ঙ. ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ
২. নুনী গছৰ পাত - গ. পাট পলুৰ খাদ্য।
৩. য়াক - খ. ঊণ উৎপাদন কৰা প্ৰাণী।
৪. লেটাগুটি - ঘ. মহুৰা ফুৰা, ক. পাটৰ সূতা উৎপাদন কৰে।

(৯) পাটৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা।

তললৈ
২) এখন ঠাই য'ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়।
৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ।
৫) পাটৰ আন এটি নাম

পথালিকৈ
১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ।
৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান।
৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ।
৭) ভেড়া, য়াক আদি জণ্ডৰ ছালৰ এক অংশ য'ৰ পৰা আঁহ পোৱা যায়।



 সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অন্যান্য অধ্যায়সমূহ 
উদ্ভিদৰ পৰিপুষ্টি | Science | Lesson 1 | Class 7 | Questions | Answers | Assamese Mediumchapter 2, nutrition iin plant, প্ৰাণীৰ পৰিপুষ্টি
উদ্ভিদৰ পৰিপুষ্টিপ্ৰাণীৰ পৰিপুষ্টি
aanhor pora kapurloi, আঁহৰ পৰা কাপোৰলৈতাপ | Lesson 4 | Science | Class 7 | In Assamese Medium
আঁহৰ পৰা কাপোৰলৈতাপ

4 comments: